Journal: Int. J Adv. Std. & Growth Eval.
Mail: allstudy.paper@gmail.com
Contact: +91-9650866419
Impact factor (QJIF): 8.4 E-ISSN: 2583-6528
INTERNATIONAL JOURNAL OF ADVANCE STUDIES AND GROWTH EVALUATION
VOL.: 4 ISSUE.: 9(September 2025)
Author(s): নয়নতৰা ভূঞা
Abstract:
কৈশোৰ মনস্তত্ত্ব সম্পৰ্কীয় উপন্য়াস অসমীয়া সাহিত্য়ত কিছু সীমিত। শিশু সাহিত্য়ৰ শাৰীতে আলোচিত হোৱা কিশোৰ কিশোৰী কেন্দ্ৰিক উপন্য়াস সমূহৰ বিশেষত্ব সুকীয়া। মনোবিজ্ঞানে এই বিশেষত্ব সমূহ, বৃদ্ধি আৰু বিকাশৰ পৰ্যায়ত সন্মুখীন হোৱা সদৰ্থক, নঞাৰ্থক দিশসমূহ, ভিন্ন ক্ষেত্ৰৰ ভূমিকা সম্পৰ্কে ফঁহিয়াই আলোচনা কৰিছে। মৃণাল কলিতাৰ ‘বকুল ফুলৰ দৰে’ উপন্য়াসখনত কৈশোৰ মনোজগতৰ এখন স্পষ্ট ছবি প্ৰতিফলিত হৈছে। মূল কিশোৰ চৰিত্ৰ অসীম আৰু মৃণালক কেন্দ্ৰ কৰি উপন্য়াসখনে গতি লাভ কৰিছে। অসুস্থ ঘৰুৱা পৰিৱেশে সৃষ্টি কৰা মানসিক অস্থিৰতা, সংঘাত, সমস্য়া আৰু সুস্থ পৰিৱেশে প্ৰদান কৰা মনোবল দুয়োটা দিশ আলোচিত হৈছে। বাল্য়কাল আৰু প্ৰাপ্তবয়স্কৰৰ মাজৰ এই দুমোজাৰ সময়খিনিত সন্মুখীন হোৱা মানসিক সংঘাত, সুস্থ সমাযোজনত পৰিয়াল, বিদ্য়ালয়, সমাজৰ ভূমিকা, সমনীয়াৰ প্ৰভাৱ সম্পৰ্কে কাহিনীৰ মাজেৰে প্ৰকাশ ঘটিছে। পুৰণি আৰু নতুন শিক্ষা ব্য়ৱস্থাৰ মাজৰ সংঘাত, এই সংঘাতে ছাত্ৰ ছাত্ৰীৰ মানসিকতাত পেলোৱা প্ৰভাৱ সম্পৰ্কে গৱেষণা পত্ৰখনত আলোচিত হৈছে। পাঠ্য়পুথি কেন্দ্ৰিক শিক্ষাব্য়ৱস্থাই ভাঙি পেলোৱা মনবোৰ আৰু পৰৱৰ্তী সময়ত নতুন শিক্ষাব্য়ৱস্থাৰে সৃষ্টিশীলতাক প্ৰদান কৰা গুৰুত্ব, সন্মান উপন্য়াসখনত স্পষ্টভাৱে প্ৰতিফলন ঘটিছে। মূলত গৱেষণা পত্ৰখনত কিশোৰ মনোজগতৰ সুক্ষ্ম বিচাৰ তথা কৈশোৰ কেন্দ্ৰিক উপন্য়াস হিচাপে বিশেষত্বৰ আধাৰত বিশ্লেষণ কৰি দেখুওৱা হৈছে।
keywords:
Pages: 159-165 | 2 View | 0 Download
How to Cite this Article:
নয়নতৰা ভূঞা. ‘কৈশোৰ মনস্তাত্ত্বিক উপন্য়াস হিচাপে ‘বকুল ফুলৰ দৰে’. Int. J Adv. Std. & Growth Eval. 2025; 4(9):159-165,