Journal: Int. J Adv. Std. & Growth Eval.

Mail: allstudy.paper@gmail.com

Contact: +91-9650866419

INTERNATIONAL JOURNAL OF
ADVANCE STUDIES AND GROWTH EVALUATION

Impact factor (QJIF): 8.4  E-ISSN: 2583-6528


Multidisciplinary
Refereed Journal
Peer Reviewed Journal

INTERNATIONAL JOURNAL OF ADVANCE STUDIES AND GROWTH EVALUATION


VOL.: 4 ISSUE.: 11(November 2025)

অসমৰ পাহাৰীয়া কাৰ্বিসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতি: এটি বিশ্লেষণ


Author(s): কবিতা বৰদলৈ


Abstract:

অতীজৰে পৰা মানৱ সমাজৰ লগত প্ৰকৃতিৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। এই প্রকৃতিৰ সৈতে জড়িত হৈ আছে সমগ্ৰ মানৱ জাতিৰ জীৱনৰ আয়ুসৰেখা। সাধাৰণতে থলুৱা গছ-গছনিৰ পাত, ফল-মূল, শিপা আদিৰ দ্বাৰা বিভিন্ন ৰোগৰ চিকিৎসা কৰি অহা হৈছে। এনে থলুৱা চিকিৎসা পদ্ধতি আমাৰ সমাজত পৰম্পৰাগতভাৱে ইজনৰ পৰা সিজনলৈ মুখ বাগৰি চলি অহা দেখা গৈছে। সাধাৰণতে প্রাকৃতিক পদ্ধতিৰে ৰোগ নিৰাময় কৰা লোকসকলক আমাৰ সমাজত বেজ বা ওজা নামেৰে নামাঙ্কিত কৰা হয়। এনে বেজ বা ওজাসকলৰ বন দৰৱে মানুহৰ জীৱনশৈলীকো নিয়ন্ত্ৰণ কৰি আহিছে। মানুহৰ জন্মৰে পৰা মৃত্যু পর্যন্ত বিভিন্ন বেমাৰ আজাৰ আদিকে ধৰি প্ৰতিটো বিষয়ৰ লগত বিশ্বাস আৰু অভি জ্ঞতালব্ধ জ্ঞান জড়িত হৈ আছে। অসম তথা পাহাৰীয়া জিলা কাৰ্বিভূমিৰ জলবায়ু সেমেকা হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জলবায়ুত বিভিন্ন ৰোগে দেখা দিয়ে আৰু তেনেদৰে ইয়াৰ প্ৰতিকাৰৰ বাবে পৰ্বত-ভৈয়ামত পোৱা বিভিন্ন তৰু-তৃণক লোক ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে। আনহাতে পাহাৰীয়া কাৰ্বিসকলৰ মাজত প্রচলিত থলুৱা খাদ্যাভাসেও বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰি আহিছে। মানুহ জন্মৰ পৰা মৃত্যু পর্যন্ত বিভিন্ন ৰোগৰ চিকাৰ হয়। এনে বেমাৰৰ পৰা ৰক্ষা পাবলৈ পাহাৰীয়া কাৰ্বিসকলেও বিভিন্ন গছ-গছনি, তৰু-তৃণ, তন্ত্র-মন্ত্র, পূজা-পাতল আদিৰ আশ্ৰয় লৈ আহিছে । এই পাহাৰীয়া কাৰ্বিসকলে যিদৰে বন দৰৱৰ ওপৰত বিশ্বাস ৰাখি আহিছে ঠিক সেইদৰে ভূত-প্রেত, অপদেৱতা আদিৰ প্রতি তেওঁলোকৰ ভয় প্রাচীন কালৰে পৰা চলি আহিছে। মন্ত্ৰৰ যোগেদি সৃষ্টি হোৱা স্পন্দন শক্তিয়ে ৰোগীৰ মানসিকত াত সৃষ্টি কৰা চাপে এনেধৰণৰ ভয় আঁতৰ কৰাত সহায় কৰে। মন্ত্ৰই ৰোগীৰ মানসিক স্তৰ বিকশিত কৰে আৰু লোক ঔষধৰ প্ৰয়োগে শৰীৰ ক্ৰমান্বয়ে আৰোগ্য হোৱাত সহায় কৰে। গতিকে দেখা যায় যে, লোক সমাজত যুগ যুগ ধৰি প্রচলিত লোকবিশ্বাসৰ অন্তৰালত লুকাই থকা চিকিৎসা পদ্ধতিৰ সৈতে তেওঁলোকৰ পৰম্পৰাগত ঐতিহ্য আৰু গভীৰ বিশ্বাসো জড়িত হৈ আছে। এনেদৰে অসমৰ অন্য জাতি-জনজাতিসকলৰ দৰে পাহাৰীয়া কাৰ্বিসকলেও এটা প্ৰজন্মৰ পৰা আন এটা প্রজন্মলৈ এই ঔষধ পাতি তন্ত্র-মন্ত্ৰ আদি ধাৰণাবোৰ বিয়পাই আহিছে তথা সংৰক্ষণ আৰু সুৰক্ষিত কৰিবলৈ প্ৰয়াস কৰিছে।

keywords:
কাৰ্বি, পৰম্পৰা, লোক চিকিৎসা, লোক ঔষধ,

Pages: 154-156     |    8 View     |    1 Download

How to Cite this Article:

কবিতা বৰদলৈ. অসমৰ পাহাৰীয়া কাৰ্বিসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতি: এটি বিশ্লেষণ. Int. J Adv. Std. & Growth Eval. 2025; 4(11):154-156,