Journal: Int. J Adv. Std. & Growth Eval.

Mail: allstudy.paper@gmail.com

Contact: +91-9650866419

INTERNATIONAL JOURNAL OF
ADVANCE STUDIES AND GROWTH EVALUATION

Impact factor (QJIF): 8.4  E-ISSN: 2583-6528


Multidisciplinary
Refereed Journal
Peer Reviewed Journal

INTERNATIONAL JOURNAL OF ADVANCE STUDIES AND GROWTH EVALUATION


VOL.: 5 ISSUE.: 6(June 2026)

অসমীয়া উপন্যাসত নাৰীবাদী চেতনাঃ এটি বিশ্লেষণাত্মক অধ্যয়ন


Author(s): মিথন ৰয়


Abstract:

নাৰীবাদ (Feminism): কেৱল চিন্তা বা অনুভূতিতে সীমাবদ্ধ নহয়; ই এক সংগঠিত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, আৰু বৌদ্ধিক জীৱনদৰ্শন বা আন্দোলন। ইংৰাজী ‘Feminism’ শব্দটো ফৰাছী ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০শব্দ ‘Féminisme’ ৰ পৰা আহিছে। অক্সফৰ্ড অভিধানৰ তথ্য অনুসৰি, ১৮৫০ খ্ৰীষ্টাব্দত ইংৰাজীত এই শব্দৰ প্ৰথম ব্যৱহাৰ হৈছিল আৰু বৰ্তমানৰ অৰ্থত ১৮৯৫ খ্ৰীষ্টাব্দৰ পৰাহে ইয়াৰ বহুল প্ৰচলন ঘটে। নাৰীবাদী চিন্তাবিদ জন্ ছাৰ্ভেৰ (John Charvet) মতে, "নাৰীৰ পুৰুষৰ সৈতে সমতাৰ ধাৰণা বা ভাবেই হ'ল নাৰীবাদ"। মূল্য বা গুৰুত্বৰ পিনৰ পৰা নাৰী আৰু পুৰুষৰ মাজত কোনো প্ৰভেদ নাই; সমাজত লিংগৰ ভিত্তিত ভেদাভেদ নাথাকি সকলোৱে সম-মানৱ সত্তা হিচাপে স্বীকৃতি পোৱাটোৱেই নাৰীবাদৰ মূল সাৰকথা। অসমীয়া সাহিত্যৰ ইতিহাসত উপন্যাস এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ মানৱ জীৱনৰ গভীৰ সত্য আৰু সামাজিক দ্বন্দ্বক প্ৰতিফলিত কৰি আহিছে। উনবিংশ শতিকাৰ শেষৰ দশকৰ পৰা আৰম্ভ কৰি একবিংশ শতিকাৰ সাম্প্ৰতিক কাললৈকে অসমীয়া উপন্যাসৰ গতিধাৰাত নাৰীৰ স্থিতি, অধিকাৰ আৰু প্ৰতিবাদী চেতনাৰ বিকাশ এক তাৎপৰ্যপূৰ্ণ দিশ। পুৰুষতান্ত্ৰিক সমাজৰ নীতি-নিয়ম, লিংগভিত্তিক বৈষম্য, সংস্কাৰ, বৈধব্যৰ যন্ত্ৰণা, আৰু সামাজিক নিৰ্যাতনৰ বিপৰীতে নাৰীৰ আত্ম-জাগৰণ আৰু মুক্তিৰ সন্ধান অসমীয়া ঔপন্যাসিকসকলৰ ৰচনাত বিশিষ্ট ৰূপত প্ৰকাশ পাইছে। প্ৰাৰম্ভিক পৰ্যায়ৰ পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতী’, ৰজনীকান্ত বৰদলৈৰ ‘মিৰিজীয়ৰী’ আৰু ‘ৰহদৈ লিগিৰী’, দণ্ডিনাথ কলিতাৰ ‘সাধনা’ আদিৰ পৰা আৰম্ভ কৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘প্ৰতিপদ’, ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অন্তৰীপ’, আৰু বিশেষকৈ মহিলা ঔপন্যাসিকা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ‘পিতৃভিঠা’, মামণি ৰয়ছম গোস্বামীৰ ‘নীলকণ্ঠী ব্ৰজ’ আৰু ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’, নিৰুপমা বৰগোহাঞিৰ ‘অভিযাত্ৰী’ আৰু ‘অন্য জীৱন’, ৰীতা চৌধুৰীৰ ‘দেওলাংখুই’ আদি উপন্যাসৰ মাজেৰে নাৰীবাদী চেতনাৰ ক্ৰমবিকাশ ঘটিছে। এই গৱেষণা পত্ৰখনত ঐতিহাসিক আৰু সমাজতাত্ত্বিক দৃষ্টিকোণৰ পৰা অসমীয়া উপন্যাসত ফুটি উঠা নাৰীবাদী চেতনা, ব্যক্তিবাদ, সংস্কাৰমুখী আন্দোলন আৰু পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰতিবাদৰ এটি বিস্তিত আৰু তুলনামূলক বিশ্লেষণ আগবঢ়োৱা হৈছে।

keywords:
অসমীয়া উপন্যাস, নাৰীবাদী চেতনা, পুৰুষতন্ত্ৰ, সামাজিক সংস্কাৰ।

Pages: 130-132     |    23 View     |    2 Download

How to Cite this Article:

মিথন ৰয়. অসমীয়া উপন্যাসত নাৰীবাদী চেতনাঃ এটি বিশ্লেষণাত্মক অধ্যয়ন. Int. J Adv. Std. & Growth Eval. 2026; 5(6):130-132,