Journal: Int. J Adv. Std. & Growth Eval.

Mail: allstudy.paper@gmail.com

Contact: +91-9650866419

INTERNATIONAL JOURNAL OF
ADVANCE STUDIES AND GROWTH EVALUATION

Impact factor (QJIF): 8.4  E-ISSN: 2583-6528


Multidisciplinary
Refereed Journal
Peer Reviewed Journal

INTERNATIONAL JOURNAL OF ADVANCE STUDIES AND GROWTH EVALUATION


VOL.: 2 ISSUE.: 10(October 2023)

বৰগীতত "ছয় ৰসে চোৰ-চাতুৰী” এটি চমু আলোকপাত


Author(s): বুদ্ধদেৱ ৰায়


Abstract:

'বৰগীত' অসমীয় গীতি সাহিত্যৰ বুৰঞ্জীলৈ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ এক অভিনৱ অৱদান। কিন্তু মহাপুৰুষদ্বয়ে এই শ্রেণী গীতক "বৰগীত' বুলি কোৱাৰ নিদর্শন ক'তোরেই পাবলৈ নাই। গুৰুজনাৰ গীতখিনি বৰপেটাৰ কমলা গায়ন নামৰ এজন শিষ্যই আওৰাবলৈ নিছিল। কিন্তু বনপোৰা জুইত গীতখিনি জাহ যোৱাৰ ফলত মাত্র ৩৪ টি গীতহে ৰক্ষা পৰে। ইমান কষ্ট কৰি লিখা গীতখিনি পুৰি ছাই হৈ যোৱাত গুৰুজনাই খেদ প্রকাশ কৰি প্রিয় শিষ্য মাধৱদেৱক কৈছিল "বৰাৰ পো, অনেক শ্রমকৈ গীতখানি কৈলো, পুইলে, গীত কিছু কৰা, আমি নকৰো আৰো" গুৰুজনাই যে তেৰাৰ ৰচিত গীতবোৰক "বৰগীত” বুলি কোৱা নাই "গীত” বুলিহে কৈছিল উক্ত কথাষাৰিয়ে তাৰ স্বাক্ষৰ। গুৰুজনাৰ আদেশানুসৰি মাধৱদেৱে এই শ্ৰেণীৰ গীত ৰচনা কৰিবলৈ লয় আৰু ১৫৭ টি গীত ৰচনা কৰে। মহাপুৰুষদ্বয়ৰ দ্বাৰা ৰচিত এই গীতবোৰৰ বিষয়বস্তু, ভাৱ, নাটকীয় গীত, ভটিমা বা সেই সময়ত ৰচিত তেৰাসৱৰ সমসাময়িক গীতিকাৰসকলৰ গীতৰ পৰা সম্পূর্ণ বেলেগ ধৰণৰ হোৱা হেতুকে ভক্ত সমাজে এই শ্ৰেণীৰ গীতক পিছলৈ শ্রেষ্ঠত্বসূচক 'বৰ' বিশেষণটো লগাই 'বৰগীত' হিচাপে নামকৰণ কৰে। অসমীয়া সাহিত্যৰ সমালোচক সকলেও মহাপুৰুষদ্বয়ৰ দ্বাৰা ৰচিত এই শ্ৰেণীৰ গীতক Noble Number, Great Song, Holy Song বুলিছে। মহাপুৰুষদ্বয়ৰ ৰচিত ১৯১ টা গীত সমসাময়িক অন্যান্য শাস্ত্রীয়-সুৰযুক্ত গীতৰ পৰা সম্পূর্ণ পৃথক হোৱা হেতুকে এইখিনি গীতক সাধাৰণ গীতৰ বিপৰীতে "বৰগীত” বোলা হয়। বৰগীতৰ বিষয়বস্তু অনুসৰি ৬ টা ভাগত ভাগ কৰা হৈছে। বিষয়বস্তুৰ এই ৬ টা ভাগক "ছয় বসে চোৰ চাতুৰী” বুলিও কোৱা হয়। এই ৬ টা বিষয়বস্তুৰ ভাগ বা ৬ টা বস হ'ল লীলা, পৰমাৰ্থ, বিৰহ, বিৰক্তি, চোৰ আৰু চাতুৰী। লীলা বিষয়ৰ আকৌ চাৰিটা ভাগ। যেনে জাগন, চলন, খেলন আৰু নৃত্য। বৰগীতৰ ৬ টা বিষয়বস্তু বা ছয় বস শঙ্কৰ-মাধৱৰ বৰগীতত কেনেদৰে প্ৰকাশ পাইছে আমাৰ গৱেষণা পত্রখনিত এটি আলোচনা দাঙি ধৰা হ'ব।

keywords:

Pages: 46-49     |    3 View     |    1 Download

How to Cite this Article:

বুদ্ধদেৱ ৰায়. বৰগীতত "ছয় ৰসে চোৰ-চাতুৰী” এটি চমু আলোকপাত. Int. J Adv. Std. & Growth Eval. 2023; 2(10):46-49,