Journal: Int. J Adv. Std. & Growth Eval.
Mail: allstudy.paper@gmail.com
Contact: +91-9650866419
Impact factor (QJIF): 8.4 E-ISSN: 2583-6528
INTERNATIONAL JOURNAL OF ADVANCE STUDIES AND GROWTH EVALUATION
VOL.: 1 ISSUE.: 3(December 2022)
Author(s): মানবেন্দ্র দাস
Abstract:
উদ্ভৱকালীন অসমীয়া সাহিত্যৰ এক অতি গুৰুত্বপূৰ্ণ কাব্যগ্ৰন্থ হ'ল বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণকীৰ্তন। ভাগৱত পুৰাণ, গীতগোবিন্দ আৰু লৌকিক সংস্কৃতিৰ পৰা প্ৰভাৱিত হৈ ৰচিত এই কাব্য মানবিক প্ৰেম আৰু ধৰ্মীয় আধ্যাত্মিকতাৰ এক মানবিক সমন্বয়। ১৯০৯ চনত বিদ্বৎবল্লভ বসন্ত ৰঞ্জন ৰায়ে উদ্ধাৰ কৰা এই পুথিখন অসম্পূৰ্ণ অৱস্থাত পোৱা গ'লেও , ইয়াৰ ভাষা আৰু ৰূপতাত্ত্বিক বৈশিষ্ট্যই প্ৰাচীন পূৰ্ব-মধ্যযুগীয় ভাষাৰ অধ্যয়নত এক বিশেষ স্থান অধিকাৰ কৰিছে। পুথিখনৰ ৰচয়িতা বড়ু চণ্ডীদাস বুলি স্বীকৃত হʼলেও , কবিৰ ব্যক্তিগত পৰিচয়, জন্মস্থান আৰু ৰচনা কাল সম্পৰ্কে নিশ্চিত তথ্যৰ অভাৱ বিদ্যমান, যাৰ ফলত বিদ্বৎ সমাজত মতানৈক্য দেখা যায়। এই প্ৰৱন্ধৰ আলোচনাত শ্ৰীকৃষ্ণকীৰ্তনৰ ধ্বনিতত্ত্ব,ৰূপতত্ত্ব আৰু শব্দতত্ত্বৰ বিস্তৃত বিশ্লেষণ আগবঢ়োৱা হৈছে। স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিৰ ব্যৱহাৰত প্ৰাক শংকৰী যুগৰ অসমীয়া ভাষাৰ লগত বিশেষ সাদৃশ্য পৰিলক্ষিত হয়। বিশেষকৈ স্বৰৰ অনুনাসিকতা, হ্ৰস্ব- দীৰ্ঘ ভেদৰ অভাৱ, ব্যঞ্জনধ্বনিৰ উচ্চাৰণগত সাম্যতা আদিয়ে এই কাব্য ভাষাক প্ৰাচীন অসমীয়া সাহিত্যধাৰাৰ সৈতে সংযুক্ত কৰে। ৰূপতাত্ত্বিক দিশত নিৰ্দিষ্টতাবাচক প্ৰত্যয়, বহুবচন গঠন, লিংগ,সৰ্বনাম,কাৰক-বিভক্তি আৰু ক্ৰিয়াৰূপ সমূহে গোৱালপাৰীয়া তথা কামৰূপী উপভাষাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক প্ৰতিপন্ন কৰে।শব্দতাত্ত্বিক দিশত তৎসম,অৰ্দ্ধ-তৎসম, তদ্ভৱ,দেশী আৰু সীমিত বিদেশী শব্দৰ সংমিশ্ৰণে কাব্যখনৰ ভাষাক সমৃদ্ধ কৰিছে।সামগ্ৰিক বিশ্লেষণৰ পৰা স্পষ্ট হয় যে শ্ৰী কৃষ্ণ কীৰ্ত্তন কেৱল বঙলা সাহিত্যৰ নিদৰ্শন নহয় বৰং অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীত এক গুৰুত্বপূৰ্ণ উমৈহতীয়া সাহিত্যিক নিদৰ্শন।এই অধ্যয়নে প্ৰাচীন অসমীয়া ভাষাৰ বিকাশৰ ধাৰা অনুধাৱনত নতুন দৃষ্টিভংগী আগবঢ়ায়।
keywords:
Pages: 43-46 | 5 View | 1 Download
How to Cite this Article:
মানবেন্দ্র দাস. বড়ু চণ্ডীদাসৰ "শ্রীকৃষ্ণ কীর্ত্তন" এক ভাষাতাত্ত্বিক অধ্যয়ন. Int. J Adv. Std. & Growth Eval. 2022; 1(3):43-46,