Journal: Int. J Adv. Std. & Growth Eval.
Mail: allstudy.paper@gmail.com
Contact: +91-9650866419
Impact factor (QJIF): 8.4 E-ISSN: 2583-6528
INTERNATIONAL JOURNAL OF ADVANCE STUDIES AND GROWTH EVALUATION
VOL.: 1 ISSUE.: 1(October 2022)
Author(s): মানবেন্দ্র দাস
Abstract:
ডঃ ভূপেন হাজৰিকা অসমীয়া সংগীত জগতৰ এক চিৰস্মৰণীয় আৰু বহুমুখী প্রতিভা, যাৰ সৃষ্টিশীল অবদান কেরল সংগীততেই সীমাবদ্ধ নাথাকি সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনৰ বিভিন্ন দিশত বিস্তৃত হৈ আছে। তেখেত আছিল একেধাৰে কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, চলচ্চিত্র নির্মাতা, সাহিত্যিক, সাংবাদিক, শিক্ষক, সমালোচক আৰু ৰাজনীতিবিদ। ইমান বহুমাত্রিক প্রতিভাৰে সমৃদ্ধ ব্যক্তি বিশ্ব সংস্কৃতিৰ ক্ষেত্ৰত বিৰল বুলিয়েই গণ্য কৰা হয়। অসমৰ সংগীত সাহিত্য জগতৰ পুৰোধা ব্যক্তি আৰু সৰ্বকালৰ জনপ্রিয় শিল্পী ডঃ ভূপেন হাজৰিকাৰ গীত সমূহত বিভিন্ন সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু মানৱীয় বিষয়ৰ সুগভীৰ আৰু বহুমাত্রিক প্রতিফলন দেখা যায়। তেওঁৰ গীতসমূহ কেবল সংগীতৰ সুৰ -লয়ৰ মাজতে সীমাবদ্ধ নহয়; এয়া তেওঁৰ বিশাল চিন্তা জগতৰ সৃজনশীল প্রকাশ। তেওঁৰ সৃষ্টিত প্ৰকৃতিৰ নৈসর্গিক সৌন্দৰ্যৰ পৰা আৰম্ভকৰি সাধাৰণ মানুহৰ জীৱনৰ সুখ-দুখ, প্রেম-প্রণয়ৰ কোমল অনুভূতি, শ্রমজীবি লোকৰ চিন্তা-চেতনা, আশাবাদ, স্বদেশপ্রেম, মানৱতাবাদ, বিপ্লৱ আৰু বিদ্ৰোহৰ সুৰ আদি বিভিন্ন বিষয় ঠাই পাইছে। বিষয়বস্তুৰ এনে বৈচিত্র্যতা আৰু বিশালতাই ডঃ হাজৰিকাদেৱক সমগ্র বিশ্বতে জনপ্রিয় কৰি তুলিছিল। জনজীৱনৰ লগত জড়িত প্ৰায়বোৰ বিষয়ে তেওঁৰ গীতত পৰিদৃশ্যমান। বিশিষ্ট সংগীতজ্ঞ হাজৰিকাদেৱে বহু সমাজমুখী গীত ৰচনা কৰি অসমীয়া গীতি সাহিত্যৰ ভৰাঁল টনকিয়াল কৰাৰ লগতে অসমীয়া জাতীয় জীবন চহকী কৰি তুলিছে। এজন গণমুখী গীতিকাৰ, গণশিল্পী হিচাপে ডঃ ভূপেন হাজৰিকাদেৱে সমাজৰ সাধাৰণজনৰ পৰা চহকীজনলৈকে সৰ্বস্তৰৰ লোকৰে মাজত অতি উচ্চস্থান দখল কৰিবলৈ সক্ষম হৈছে। তেখেতৰ গীতত বিষয়বস্তুৰ ঐতিহ্য, বৈবিধ্য আৰু প্রগতিশীলতা কেনেদৰে প্রতিফলিত হৈছে পৰৱৰ্তী আলোচনাত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে।
keywords:
ভূপেন হাজৰিকা, সমাজ জীৱন, মানৱতাবাদ, প্রগতিশীলতা, সাহিত্য আৰু সংস্কৃতি।
Pages: 28-31 | 2 View | 1 Download
How to Cite this Article:
মানবেন্দ্র দাস. বিষয়বস্তুৰ ঐতিহ্য, বৈবিধ্য আৰু প্ৰগতিশীলতাঃ ভূপেন হাজৰিকাৰ গীতৰ এক বিশ্লেষণ. Int. J Adv. Std. & Growth Eval. 2022; 1(1):28-31,